এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাণীৰো বাণী,
বিশ্বৰ প্ৰতি অনু-পৰমাণু
বস্তু যত
ধৰিছে যিজনে
কৰিছে নিতউ
নিয়মগত;
সিজনাৰে প্ৰতি অঞ্জলি দিওঁ
জলেৰে জলত—
হিয়াকে আমাৰ
হব্য জানি,
কৰি নিয়ন্ত্ৰিত আমাৰো জীৱন—
নন্দিত কৰি কোটি প্ৰণ-মন,
পূৰাওক কামনা তেৱেঁই আমাৰ
কাম্য দানি;
অঞ্জলি দিওঁ সিজনাৰে প্ৰতি
হিয়াকে, আমাৰ
হব্য দানি।*
⸻
- কিঞ্চিৎ স্বীয় কল্পনাৰ ৰহেনেৰে— 'ঋগ্বেদ ১০ মণ্ডল, ১২১ সূক্তৰ এৰাধৰা অনুবাদ।⸺লিখোঁতা(৪৪)