এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিশ্বধ্যেয়,
কৰে যি শাসন সকলো দেৱতা
সবাতো যিজন
শ্ৰেয়;
অমৃত মৃত্যু যাৰে দুটি মাথোঁ
“ছায়াহে” জানি,
কোন সি দেৱকা অঞ্জলি দিম
পূজিম আমিনো
হব্য দানি?
অঞ্জলি দিও কোন দেৱতাক?
কিবা সি মন্ত্ৰ
কিবা সি বাণী?
কম্প্ৰ, সজীৱ জঙ্গমাদিৰ
যিজনা স্বামী,
স্বীয় মহিমাতে মহান যিজনা
বুজোঁ কি আমি?
কোন সি দেৱতা ? অঞ্জলি দিম
পূজিম আমিনো
হব্য দানি?
পৃথিৰীৰ পিতা স্বৰ্গ-জনিতা
যিজনা আপুনি
(৪৩)