পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঞ্জলি অঞ্জলি দিওঁ কোন দেৱতাক ? কিবা উপচাৰ কিবা সি বাণী ? লাগে ৰ'ত যিবা দ্যু-লোক ভূ-লোক, থাপিলে যি জনে —গাঁথিলে ছন্দে জগৎ-কবিতা আপোন-বাণী ! কোন সি দেৱতা ? অঞ্জলি দিম পূজিম আমি নো হব্য দানি ? অঞ্জলি দিম কোন দেৱতাক ? উচ্চাৰে। কোন —মন্ত্ৰ ৰাণী ? জ্বলাওঁ প্রদীপ কোন মন্দিৰত কিবা পোহৰেৰে শলিতা-কানি ? —পোহৰতে যাৰ দীপ্ত সি ৰৰি (81)