পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তোমাৰেই প্রেমময় দান মোৰ এই নৰ তনু, মোৰ এই প্ৰাণ তোমাৰেই নতুন বিস্তাৰ ; কত তৃষ্ণা আশা ভৰসাৰ পৃথিবীৰ মনুষ্য, আকাৰ । তোমাৰেই স্মৰণত লভিছো] আস্বাদ নেদেখা নুশুনা দেৱ পিতা সেই পৰম জনৰ, পিতা ধৰ্ম্ম, পিতা স্বৰ্গ, তপস্য। পৰৰ প্রত্যক্ষঈশ্বৰ-ৰূপে মোৰ এই দেহৰ মনৰ !

তোমাৰেই স্মৰণত আজি পৰম পিতাৰ ৰৱ উঠক প্ৰাণত মোৰ বাজি, পিতা মোৰ হে ‘পিতা নোহসি' ! পিতাৰো পৰম পিতা তোমাৰে ভক্তিত হ'ক আহি হৃদয়ত থিত, পিতা মোৰ,—‘পিতা নে৷ বোধি !” (80)