পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এই মৰতত আহি,
তৃণ-তৰু-পতঙ্গ ৰূপেৰে
 ক্ৰমে চৰাই চৃকতি হই
 সৰ্ব্বশেষে, অনুপম এই
 মানুহ ৰূপেৰে হাঁহি?

আদি তাৰ জনা নাই
 আদি তাৰ পোৱা নাই
 বাক্য-মন ঘুৰি আহে
 হাৰ মানি মানি,
প্ৰত্যক্ষ দেৱতা ৰূপে
 তোমাকেই পিতৃ বুলি
 লভিলো আস্বাদ মাথোঁ
 পুত্ৰত্বৰ এই
 একোকে নাজানি।

ভূমি ধাতা, তুমি পাতা মোৰ
 তুমি মোৰ সৰগৰ
 প্ৰথম দুবাৰ,
তুমিয়েই, প্ৰতিনিধি হলা আহি সেই
 জগতত আদি দেৱ
 পৰম পিতাৰ।

(৩৯)