পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৰ্থপূৰ্ণ কৰি আজি
 লভিলা কি তাৰ কিবা সাৰ?
অতৃপ্ত তৃষ্ণাৰ তৱ সেই
 প্ৰেম-জলধিৰ
তৃপ্তি, লভি, অতদিনে
 হলাঁ নে কি সুধীৰ, সুস্থিৰ?

নতু নাই! নাই! একো নাই!
 শূণ্য কেৱল হাঁয়!
 শুকালাঁ, ঢুকালাঁ তুমি
 হেৰালাঁ তেনেই!
হেৰাইছে ক্ষণে ক্ষণে
 সংসাৰত যত, যি যেনেই!
ই ব নীৰৱ ৰহস্যে মাথোঁ
 কৰিছে ই হৃদয় বিমোৰ!
নাই ছন্দ, নাই তান
 গাম কি সুৰেৰে গান
অসহ্য তোমাৰ এই
 বিৰহৰ ঘোৰ!
আবাল্য বন্ধুৱে তৱ
 হে প্ৰিয় বন্ধু মোৰ!
আজি বাজিছে প্ৰাণত মাথোঁ
তোমাৰে গানৰ ধ্বনি সেই

(৩৭)