পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

তৰ্পন

 

খণ্ডিতা-জননী

অমৃতা জননি! মোৰ অখণ্ড ভাৰত!
পিয়ালা অমৃত তুমি সন্তানক আজি
মিলনৰ কত ধাৰে যুগ যুগান্তৰ!
খণ্ডিতা হঠাৎ আজি। খণ্ডিতা * ৰমনী
কোন বাৰু পতিৰ ৰোষত? পতি যদি
ভগৱন্ত নিজে মুৰাৰি অমৃত তৱ!
অমৃতৰ পুত্ৰ বুলি সম্বোধি বিশ্বক
তোমাৰে সন্তান ঋষি, শুনালে
যি দিব্য বাৰ্ত্তা মিলনৰ, বিশ্ব-চিত্ত-হাৰী
সি বাৰ্ত্তা-বাহিনী হই অখণ্ড প্ৰেমৰ
পাৰিবানে ৰব ধৰি মূৰ্ত্তি খণ্ডিতাৰ
লাজে-ক্ৰোধে দগ্ধ হই দিবস শৰ্ব্বৰী?
অখণ্ড সত্যৰ মূৰ্ত্তি অখণ্ড ভাৰত
খণ্ডিতা! মূচ্ছিতা! পুনু নহবা জাগ্ৰত?

১৫ আগষ্ট, ১৯৪৭


  • অন্য স্ত্ৰীৰ প্ৰেমত আসক্ত স্বামীৰ প্ৰতি ক্ৰূদ্ধা