এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যি গান-বেদনা লই
আহিছিলাঁ তুমি
গানৰ পূজাৰী,
হৃদয় উজাৰি—
দিলাঁ যি মৰ্ত্ত্যক দান,
মোহিলাঁ বন্ধুৰ হিয়া
বিলালাঁ আমিয়া!—
যি গানৰ, যি প্ৰাণৰ
মহা ব্যাকুলতা,
কৰুণ কাহিনী কথা
যুগ যুগ ধৰি আজি
বিশ্বত উঠিছে বাজি
চৰাইৰ মাতৰেপৰা
মানুহৰ ছয়ৰাগ ছয়ত্ৰিশ ৰাগিণী,
অখণ্ড সোঁতৰ তুলি মহাতৰঙ্গিণী,
পালা-কি সন্ধান আজি
উৎস ক'ত তাৰ
লভিলা কি সঙ্গ সেই
সিন্ধুৰ অপাৰ?
আছিল যি জীৱনত প্ৰতি দিন
মিছা, অৰ্থহীন—
—অসাৰ সংসাৰ!
(৩৬)