পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুকন । মুক্তিমতী স্বাধীনতা মুক্ত বাকদেবী শাসনসংখত কণ্ঠ তর অধিষ্ঠান কৰি, বহুদিন ইরেশত মুর্চ্চা প্রায় আছিল নীৰৱে পৰি। লভি মহাপুশ স্পর্শমণি মহাত্মাৰ আজি, মায়ামোহ যত, ৰত ৰাজভয়, মৃত্যুভয় ধূলি— আবৰণ, পৰিল মুহূর্ত্তে খহি যত এ্যস্ত অধীনতা, হৃদি কণ্ঠ ৰাজি তত্ত্ব জাগিল দেৱতা ; তড়িৎ পৰশে যেন হৰ্ষত লজ্জাৱতী লতা । মুক্ত তুমি, মুক্তকণ্ঠ আজি তুচ্ছ বাহুবন্ধনেৰে তৃপ্ত তুমি, দৃপ্ত তুমি, দৃপ্ত জন্মভূমি দীপ্তি আজি অসমৰ লুপ্ত গৌৰৱৰ ফুকন উপাধি ধৰি বীৰ অসমৰ ।

  • ১৯২১ চনৰ সত্যগ্রহ আন্দোলনত দেশভক্ত ৺তৰুণ ৰাম

ফুকণৰ প্ৰথমে গ্ৰেপ্তাৰ কৰোঁতে লিখা । ১ বৈজ্ঞানিক চাৰ ৺জগদীশ চন্দ্র বসুরে প্রথমে লজ্জাবতী লতাত (নিলাজী বন) তড়িৎ স্পৰ্শ কৰি উদ্ভিদৰ যে প্ৰাণ আছে এইটো আবিষ্কাৰ কৰে ।— লেখক (08)