পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰু 1 স্বধৰ্ম্ম হেৰাব বুলি যদি নিজৰেই চউপাশে চীনৰ প্ৰাচীৰ তুলি দিয়া, তেন্তে সি বিশুদ্ধ ক্ষুদ্র ক্ষুদ্ৰ জীৱ কি সমাজ নাথাকিব বহুদিন জগততো জানা, লুপ্ত হ'ব অচিৰেই হেৰা চিৰ দিনলই, ধৰণীৰ অঞ্চলৰপৰা ৷ “স্বধর্মে নিধনং শ্রেয়ঃ- পৰধৰ্ম্ম” জানা “ভয়াবহঃ” । মিলনৰ আগেয়ে পৰৰ লগত, নিজক লাগিব পাব, পাবলৈ নিজক পোনতে, লাগে যদি বিসজিব সংশ্ৰৱ পৰৰ, তেন্তে ভাল বিসর্জন দিয়া সেই পৰৰ সংশ্ৰৱ অকুণ্ঠিতে ! সম্ভৱতঃ তুমি বীৰ কৰিবা স্বীকাৰ বহু গৰীয়ান সি যে নিজত্ত্ব ক্ষুদ্ৰৰ বহৎ পৰত্বহন্তে। নহওঁ সাধক জানা সাম্ৰাজ্যৰ মই, মই যে সাধক সেই স্বাৰাজ্যৰ ভাৰত-আত্মাৰ চিৰ ! আলেকজেণ্ডাৰ—[পুৰুলৈ হাত আগ বঢ়াই দি] এইবাৰো, এইবাৰো পুৰু ! পৰাভৱ কৰিছোঁ স্বীকাৰ, যোগ্যপুত্ৰ তুমি সেই ভাৰতৰে চিৰ সাধনাৰ যাৰ অজৰ অমৰ এই সুশীতল জ্ঞান — কল্পঙ্ক ! [GQ]