পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

যায় ক্ৰমে আগুৱাই অতীতৰ খণ্ড খণ্ড শিক্ষা সি সমাজ, ৰাষ্ট্ৰ লোষ্ট্ৰব‍ৎ সামৰি সুতৰি, কিম্বা পিছত পেলাই!

পুৰু⸺ তেনেকুৱা এটা দেখা গৈছিল হওঁতে হয় বাহিৰৰ পৰা; কিন্তু সিযে এক হোৱাৰ অৰ্থ নহয় হোৱা একাকাৰ সেই ভুলও পৰিছেতো ধৰা। বৈচিত্ৰ্য সৃষ্টিৰ তত্ত্ব, নষ্ট কৰি বৈচিত্ৰ্যক যদি জগৎ-জীৱন কৰা সুবৃহৎ যন্ত্ৰ— এক, জগদ্দল শিল মাথোঁ, আতমা বিহীন, স্ফুৰ্ত্তি ক’ত জীৱনৰ? বিকাশ ব্যক্তিৰ? ব্যক্তিত্ত্ব, বৈচিত্ৰ্য অনাদিৰ? স্বধৰ্ম্ম নিহিত আছে সকলো পদাৰ্থ আৰু সকলো জীৱতে, সকলো জাতিতো একেদৰে, মূলমন্ত্ৰ সৃষ্টিৰে যে সেই স্বাতন্ত্ৰ্য সৱাৰ; লাগিব স্বতন্ত্ৰ হ’ব, স্বধৰ্ম্মক পাব, কৰিব নিজক সচেতন, অৰ্থ কিবা আত্মহীন মিলনৰ বাৰু মিলন কি প্ৰাণহীন আত্ম-বিসৰ্জ্জন?

আলেকজেণ্ডাৰ⸺ বৈচিত্ৰ্যৰ অৰ্থ যদি হয় মাত্ৰ আৰু স্ব স্বপ্ৰধান হৈ উঠা, নিজক বিশুদ্ধ কৰি ৰাখিবৰ হেতু নিজৰেই ভিতৰত নাদৰ ভেকুলি হ‍ই চিৰদিন থকা,

[৩২]