পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 অপৰূপ ভাৰতৰ দেখিলাঁ হেঁতেন
আজি; মানিলে হেঁতেন স্তব্ধ সমস্ত
জগতে, দুৰ্নিবাৰ ৰুচিয়া জাৰ্ম্মানী।
অমৰ অন্তৰ আত্মা ভাৰতৰ আছে
ক’ত গুহাত লুকাই, তাৰেহে ভুমুক
বই যোৱা কেতিয়াবা দেখি অ’ত ত’ত,
ধৰ্ম্মে-কৰ্ম্মে ত্যাগে-বীৰ্য্যে বাগৰি ওলাই।
আলেকজেণ্ডাৰ—   পাহৰি গইছা পুৰু, যত সি মহৎ
শক্তি হ’ক পৃথিবীত, জাতি কি পুৰুষ
যত বীৰ্য্যৱান, পৃথক নিঃসঙ্গ হই
অকলই কোন ক’ত পাৰিছে থাকিব,
ভৰপূৰ হই নিজতে নিজেই বাৰু
স্বয়ম্ভূ ৰূপেৰে? বিশুদ্ধ পদাৰ্থ একো
নাই জগতত, সকলো যে মিশ্ৰণৰে
ফল, আদান-প্ৰদান ধৰ্ম্ম মানুহৰ
বিশেষতঃ, ডাঙৰে সৰুক দিছে চোৱাঁ
সৰুৱে সি কৰিছে গ্ৰহণ, সৰুৱে ও
থাকিলে দিবৰ কিবা দিছে ডাঙৰক,
ডাঙৰোতো থকা নাই নকৰি গ্ৰহণ।
ৰীতি এই চিৰদিন লাগিছে চলিব
বাধা দিয়ে সাধ্য কাৰ তাক? চোৱাঁচোন
আজিৰ জগৎ এবাৰ, কেনেকৈ চোৱাঁ
একভাব এক ৰাষ্ট্ৰ গঠনৰ পিনে
(৩১)