পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 অপূৰ্ব্ব সি দাম্পত্যৰ প্ৰণয় মুকুৰ!
পুৰু⸺   ক্ষান্ত দিয়াঁ ব্যাখ্যা ইতিহাস গ্ৰীচমণি!
থকা হলে বুজিবৰ ক্ষমতা তোমাৰ
আছিল পূৰ্ব্বৰ ভাৰত সি কি,
নালাগিল হয় কেতিয়াও ভাৰতৰ
এজনো সি জ্ঞানী বা সাধকে হেৰুৱাব
প্ৰাণ জানা তোমাৰ হাতত! থ’ক বাৰু
সেই কথা নকও, নুজাৰোঁ আজি মই।
মাথো কওঁ ইমানকে বিদেশীৰ সেই
আঘাততে৷ যদি ভাৰতে দিছিল কিবা
জীৱনৰ পৰিচয় থাকি মাজে মাজে,
নাই তাত তোমাসাৰ কৃতিত্ব অলপো।
তোমাসাৰ গুণে লভা নাই হৃদয়ৰ
মহত্ব ভাৰতে, লভা নাই বল-বীৰ্য্য
সত্য বল, হেঁচাৰ উপৰি হেঁচা সেই
আঘাততো তোমাসাৰ, প্ৰতিভাৰে মাথো
আপোনাৰ পৰিছিল উফৰি স্ফুলিঙ্গ;
বিতৰে সি আপোনাৰে বিমল সৌৰভ
চন্দনৰ বৃক্ষ যেনে অস্ত্ৰ আঘাততো
পুনঃ পুনঃ, বিতৰে সি নিৰ্ম্মল সুগন্ধ
আপোনাৰে। ভাৰতৰ বুকুত নিতউ
যদি বিদেশী হেঁচাৰ সেই জগদ্দল
শিলে নধৰিলে হয় হেঁচি, কিবা ৰূপ
(৩০)