পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 সেই চন্দ্ৰগুপ্ত ভাৰতেশ্বৰৰ বাৰু কোৱাঁ?
পুৰু⸺   কোন?
আলেকজেণ্ডাৰ—   আলেকজেণ্ডাৰ এই, শতদ্ৰু তীৰত
সেই পৰাভৱ মনা।
পুৰু⸺   ওঁ তাৰ পিছে, তাৰ পিছে হল কিবা আৰু?
আলেকজেণ্ডাৰ—   তাৰ পিছে স্বদেশী বিদেশী ক’ত ৰজা
ও সম্ৰাট, ইজনৰ পিছত সিজন,
আহি গই ক্ৰমে ক্ৰমে ভাৰতক তৱ
কৰিছে বৰ্দ্ধিত, পুষ্ট, সংহত সৃজন।
শিক্ষা দীক্ষা শিল্প-কলা ভাবি চোৱাঁ যত
মোৰ পিছৰেই পৰা, ময়ে তাৰ মূল
প্ৰস্ৰৱণ! গ্ৰীচৰ প্ৰভাৱ আজি কত
ভাস্কৰত, গ্ৰীচৰ চাৰুতা হাঁহে কত
সি শিল্পত, গ্ৰীচেই জগালে ধৰা,
উৎস তাৰ চৌদিশে পৰিল বাগৰি
তোমাৰো দেশত। গ্ৰীচৰ বাটকে লই
গ্ৰীচৰ পিছতে আহে পাৰস্য, মোগল,
শেষত বৃটন এই গ্ৰীচৰেই সেই
প্ৰতিভা—সম্বলে ধনী; এই দৰে ক্ৰমে
বিদেশীয়ে নিজে নিজে ঐশ্বৰ্য্য-সম্পদে
ভাৰতৰ ভৰালে ভঢ়াল; তাৰ ফল
‘কালিদাস' তোমাসাৰ কবি, ‘অজন্তা' সি
অনিন্দ্য সৌন্দৰ্য্য, সৌধ মহা ‘তাজ’ সেই
(২৯)