পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 আদিম সমাজ, দুই চাৰি জন মাথোঁ
মাজে মাজে তাৰে জ্ঞানী বা বিদ্বান লোক,
ঋষি বুলি যাৰ তোমালোকে কৰা নিতে
অসীম গৌৰৱ! বৈদিক ভাৰত এয়ে
গৰ্ব্ব তোমাসাৰ; তাৰ পিছে ‘ৰামায়ণ’
‘ভাৰতৰ’ দিনতো সিমান তোমালোক
যোৱা নাই বৰ বেছি বাঢ়ি আৰু আগ!
‘এক ৰাষ্ট্ৰ’ বন্ধনৰ সমস্ত ভাৰত
দেখিছিল কোনে বাৰু প্ৰথম সপোন?
গঢ়িছিল কোনে বাৰু প্ৰথম ভেটিটো?
দেখা যায় কোনে সজা জুমুধিটো বাৰু
শাসন-ব্যৱস্থাৰূপী প্ৰতিমাৰ তলে
মোগল কি ইংৰাজৰ ৰেঙোৱা আজিও?
পৰেনে মনত সেই বালকৰ কথা
ৰাজশ্ৰী-মণ্ডিত সেই মুখখনি যাৰ
দেখুৱাই তোমাৰ আগত, কৰিছিলোঁ,
বাণী ভবিষ্যৎ মই, মোৰে দৰে হব
বুলি বীৰ ই বালক। চন্দ্ৰগুপ্ত মৌৰ্য্য
সেই প্ৰতিষ্ঠাতা আধুনিক ভাৰতৰ তৱ
গ্ৰীচ-সূতা ‘হেলেন'ৰ পৰিণয়-সূত্ৰে
গঁথা প্ৰাচ্য-পাশ্চাত্যৰ মিলনেৰে নৱ।
আছিল আদৰ্শ কোন? কোন সি প্ৰেৰণা
মহা, আছিল প্ৰাণৰ সাম্ৰাজ্য-সাধক
[২৮]