|
স্বধৰ্ম্ম উজ্বল; নাছিল যি দিনা লভা
- পৰ-ধৰ্ম্ম পৰস্পৰ্শ ভাৰতৰ শিক্ষা
- দীক্ষা সভ্যতাই বিদেশীৰ ক্ৰমে সেই
- আক্ৰমণে সংক্ৰমণ কৰা। হেৰুৱাব
- ধৰিলে যিদিন ধৰি স্বধৰ্ম্ম নিজৰ,
- হেৰুৱাই অন্তৰাত্মা সেই দিন ধৰি
- আহিল ক্ৰমে সি চাপি মৃত্যুৰ ওচৰ
- জাতীয় সি জীৱনৰ হাঁয় হেৰুৱালে
- জীৱনী শক্তিকে পাৰিলেহেঁতেন যদি
- ৰাখিব জীয়াই আজি স্বাতন্ত্ৰ নিজৰ
- স্বধৰ্ম্মক ৰক্ষা কৰি, পাৰেনে কৰিব
- আজি ভয়াবহ পৰধৰ্ম্মে এই দশা
- ভাৰতৰ, অহৰ্নিশে বাদুলিৰ দৰে
- ওলোমা বাদুলি দিয়া গাত সি লোকৰ?
- ক’ত সি ভাৰত হায় বৈদিক ঋষিৰ,
- ক'ত আজি ইংৰাজৰ নকল ভাৰত
- এই বাহিৰে ভিতৰে ত্ৰস্ত, নতশিৰ!
|