পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আগৰ, ছিন্ন-ভিন্ন জাতি এটা মূমূৰ্ষ সঙ্কৰ!

আলেকজেণ্ডাৰ⸺ মইতো দেখিছে৷ পুৰু, আছে যে জীয়াই আজিও তোমাৰ দেশ, আচল কাৰণ তাৰ ময়েহে মাথোন।

পুৰু⸺তুমিয়ে?

আলেকজেণ্ডাৰ⸺ময়ে! ময়ে কৰিছিলে৷ তাৰ দেহত নতুন এক তেজৰ সঞ্চাৰ, [মনলই ময়ে তাৰ আনি দি নতুন ভাব বাহিৰৰ পৰা, দেখুৱাই দিলোঁ বাট চউপাশে বিয়পি সি যাবলই সমস্ত দেশত। বিশুদ্ধ সি আৰ্য্য জাতি তৱ, বিশুদ্ধ সি আৰ্য্য দীক্ষা বুকুতে সাৱটি, লুপ্ত হই গ'ল হয় কোন কেতিয়াই অতীতৰ বিস্তৃতি গৰ্ভত, যদি তাক মাৰি ঢকা নিদিলে হেতেন তুলি টোপনিৰপৰা জাগ্ৰত গ্ৰীচৰ বীৰ আলেকজেণ্ডাৰে, নতুন পোহৰ এক, নতুন জীৱন অনুবিষ্ট কৰি তাৰ দেহে-মনে-প্ৰাণে।

পুৰু⸺দাম্ভিকতা মাথোঁ ইযে পাশ্চাত্যৰ তৱ আলেকজেণ্ডাৰ! এবাৰ নিক্ষেপি দৃষ্টি চোৱাঁচোন সুদূৰ সি অতীতৰ পিনে, আছিল, কি গৰীয়সী জননী ভাৰত ভূমি

(২৬)