পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সি পুৰীত আলেক্‌জেণ্ডাৰ আৰু পুৰু।

আলেকজেণ্ডাৰ—  প্ৰথম সি পৰাজয় জানা মোৰ পুৰু,
তোমাৰে হাতত পৃথিবীত! ইতিহাসে
ক’ক যিবা কয়, নিজেও যিহকে কওঁ
গৰ্ব্বৰ বলত মই, মুক্তকষ্ঠে আজি
কৰিছোঁ স্বীকাৰ পুনৰ্ব্বাৰ ই পুৰীতো
সেই কথা। পাহৰিব পৰা নাই মই
আজিও যে চিত্ৰ সেই ভীষণ ৰাতিৰ!
তিমিৰ সি অন্ধকাৰ, ঘনে ঘনে বজ্ৰ-
পাত, কল্ কল্ শতত্ৰুৰ খৰস্ৰোত, মহা-
স্ফীত সি উন্মাদ, বৃংহিত হস্তীৰ সেই,
অশ্বৰ সি হ্ৰেষা-ৰৱ, ৰথৰ ঘৰ্ঘৰ,
প্ৰলয়-সংঘৰ্ষ মানুহৰ, এতিয়াও
মাৰি যায় ভূমিকম্প থাকি থাকি কিযে
এটা স্মৰণত মোৰ!
পুৰু—  ভূমিকম্প!
আলেকজেণ্ডাৰ—  ভূমিকম্প! সেই ভূমি কম্পনত দেখোঁ
বিপূল সি কলেৱৰ তৱ অতিকায়
গজাৰোহী! সমুখত তাৰ অশ্বৰাজ
“বুকফাল” মোৰ! অতি সৰু দেখুৱালে
বোধ হয় বীৰেন্দ্ৰ ই আলেকজেণ্ডাৰ
সেই দিনা শতদ্ৰু ৰ সন্ত্ৰ্যস্ত তীৰত!
(২৩)