পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোন সি মূলত, কম্প্ৰ  সজীৱ, জঙ্গমাদিৰ
 পূজিম কোন সি দেৱতা
 প্ৰদানি হবি?

[২২]

কোন সি মহান বৃক্ষ  মৃত্যু ও অমৃত যাৰ
 পৰে দুপিনে দুইটি
 বিপুল ছায়া?
কোন সি দেৱতা? কাৰ  চৰণত শৰণ লই
 স্তুতি কৰে লুটিখাই
 ক্ৰন্দসীৰ কায়া।

[২৩]

দিগ্বিদিক্ টল্ বল্  কৰি মহা কৌতূহল
 অনিবাৰ পিপাসা
 সিন্ধু—মন্থনত,
তুলিলে হঠাৎ যেন  অমৃত অমৃত জ্ঞান
 অমৃতৰ মহা জ্ঞান
 ঢালি ভুবনত :—

[২৮]

“জ্বলা নাই চন্দ্ৰ-সূৰ্য্য  জ্বলা নাই গ্ৰহ-তৰা
 জ্বলা নাই অগ্নি ক’তো
 বিজুলী পোহৰ,
জ্বলিছে অনন্ত জ্যোতি  তাৰ পোহৰতে মাথোঁ
 জ্বলিছে সকলো এই
 বিশ্ব চৰাচৰ”।