পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘সোদৰৰ ভাতৃ' বুলি  আকোঁৱালি বুকু মেলি
 পৰস্পৰে পৰস্পৰ
 দিলে আলিঙ্গন!

[১৫]

অন্নই কৰিলে বহু  আপোনাক, বহু হল
 প্ৰজা, পল্লীৰ প্ৰতিষ্ঠা,
 নগৰ নিৰ্ম্মিত;
ক্ৰমে ৰাজ্য সুগঠিত,  চাওঁ তে চাও তে আহা
 হল আহি ভাৰতৰ
 সাম্ৰাজ্য স্থাপিত।

[১৬]

সেই এটি গত দিন  হিন্দু জীৱনৰ সেই
 সিন্ধু-গঙ্গা-কাবেৰীৰ
 ত্ৰিবেনী-সঙ্গম,
উঠিছিল মথি য’ত  অমৃতৰ মহাধ্বনি
 মুগ্ধ কৰি চৰাচৰ
 স্থাবৰ জঙ্গম।

[১৭]

হিন্দু জীৱনৰ সেই  সেই এটি গত দিন
 জগতৰ সভ্যতাৰ
 প্ৰথম শিখৰ,
নৱ অৰুণৰ ৰাগে  আহিছিল নামি বেগে
 প্ৰথমতে ধৰালই
 আলোক-নিৰ্ঝৰ।

(১৯)