পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চ নদ-তীৰে তীৰে (১১) কত শত ঋষি কণ্ঠ বৰষিলে ধ্বনি, অনন্ত আকাশ ছানি প্রথম পুৱাৰ সেই বিবিধ বিহঙ্গ যেন মুক্তকণ্ঠ, পোহৰৰ লভি সঞ্জীৱনী ! (12) চাপিলেহি তপোবন খেদি আহি কত শিষ্য চউ পাশে ঘেৰি লই ঋষি-গুৰুবেদী, মধুলোভী মধু যেন গুণ গুণ গুণ ৰৱে মধুচক্র খেদি ! (১৩) বনৰ হৰিণো আহি নির্ভয় মুকলিমনে কৰেহি উল্লাস, চৰ আৰু অচৰৰো আহে দূৰ দূৰনিৰ আশ্ৰমৰ প্রাঙ্গণত আঁতৰিল ভেদ-ভাব আত্মীয় সকলো প্ৰাণ আত্মাৰে প্ৰকাশ ! অদম্য প্ৰাৰ সেই [[28] শিশু যেন প্রভাতৰ আনন্দ উচ্ছাস লাগি লভি জাগৰণ, (১৮)