পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[8] সেই এটি কি যে দিন তাপস কবিৰ ষ’ত হিন্দু জীৱনৰ সেই বন-কুঞ্জ-ভৱনৰ পঞ্চনদ তীৰ, উঠিছিল সাম ধ্বনি ধ্বনি হুগম্ভীৰ ! পিক-কণ্ঠে আনন্দৰ [a] শুনি সি অমৃত গান বনে-বনে উচ্ছাসতে মুঞ্জৰিত তৰু-লতা আপোনা আপুনি, আবেগতে অন্তৰৰ তাপস কবিৰ সেই উঠে যেন ফুলি ফুল ফুলনী বননী ! (৬) দুপৰীয়া গুণ গুণ বননি-ছয়াত যেন বন-কপোতৰ সেই বাজে বীণ আকাশৰ মধুপ গুঞ্জণ, পৰাণ উদাস কৰা উটি যায় আকাশত স্বৰ বৰিষণ ! (9) তৰু-তল ভৰি থকা শুকান পাতৰ, পিন্ধি নুপুৰ মৰ্ম্মৰি আহা আহে সমীৰণ, (১৬)