এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সেই এটি গত দিন হিন্দু জীৱনৰ।
[১]
কল্পনাৰ নেত্ৰ ভৰি দেখি সি অপূৰ্ব্ব দৃশ্য
পুলক-বিহ্বল মোৰ
আজি প্ৰাণ-মন,
প্ৰথমে সি সিন্ধু তীৰ কঁপি উঠা তিৰ্ বিৰ্
পূৰ্ব্ব দিগন্তৰ ৰাগে
কনক বৰণ।
(২)
জবা কুসুম-সংকাশ কাশ্যপেয় মহাদ্যুতি
আহে যেবে উঠি ধীৰে
বিস্ফাৰি তমসা,
সে দিনা কি বিস্ময়েৰে চাইছিল আৰ্য্য নৰে
চিৰ তুষাৰৰ, সেই
লভি নৱ আশা
(৩)
সেই দ্যুতি— কৰ স্পৰ্শ লভিয়ে নে প্ৰথমতে
ধৰিত্ৰীৰ অন্ধকাৰ
দূৰ হব ধৰে?
সেই এটি দিনে নেকি প্ৰথমতে জগতৰ
সত্য ক’ত জানিবৰ
সূত্ৰপাত কৰে?
(১৫)