পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কবি:—আজিও আছে তো হই
 নীতি সেয়ে পৃথিবীৰ মানুহৰ
 হিংসা-দ্বেষ - জিঘাংসাপ্ৰধান,
 আকাশে বতাহে উড়ে
 কত’ যন্ত্ৰ, নৱ আৱিষ্কাৰ
 তাৰেই নিচান!
 শ্ৰীহীন কবি মই সেই
 ধৰাৰ বিশ্ৰী!
 দিমনো বাতৰি কি?
 শুনাম কি আনন্দ সঙ্গীত
 সুৰ-লোকে পিৱ যাৰ সুৰৰ অমৃত!
 তুমি নিজে মহাত্মন!
 দিব্য জ্যোতি জ্বলিছাঁ স্বৰ্গৰ
 আহিছোঁ শুনিম বুলি
 বাণী মাথোঁ শ্ৰীমুখ-নিঃসৃত
 স্বৰ্গ-মৰ্ত্য একে কৰা সেই
 তোমাৰেই অমৃত কণ্ঠৰ!
 বিশ্ৰী ধৰাৰ মই দিম কি আনন্দ
 পঙ্কেৰে চৰ্চ্চিম কিনো চৰণ—পঙ্কজ?

গান্ধী:—তুমি কবি গাই যোৱাঁ
 সনাতন সেই
 অনন্ত কবিৰে দৰে,

(১২)