পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবি:- গান্ধী :— শোষণ-পেষণ যত শাসনৰো ৰথচক্র ৰুধিৰেৰে দৰিদ্ৰৰ সেই আগৰে দৰেই ওৰে বাট ৰঙা হই হই ? একেদৰে একেদৰে সেই ঘূৰিছে ৰথৰ চক্ৰ- ঘূৰিছে যিদৰে চন্দ্ৰ-সূৰ্য্য-গ্রহ-তা অবিৰাম অলপো নৰই ! শোষন-পেষণ যত শাসনৰো ৰথ চক্র ঘূৰি আছে একে দৰে সেই একে দৰে আগৰে দৰেই । নাই ! ঘূৰা নাই চন্দ্ৰ সূৰ্য ঘূৰিছে যি দৰে নোৱাৰিব ঘূৰিব সিদৰে সদা চিৰন্তন ৰূপে নহয় কদাপি সি নীতি বিধাতাৰ চিৰন্তন, মানুহৰ হৃদয়ৰো নহয় সি জানা ধৰ্ম্ম সনাতন । (১১)