পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত ভূমিও সেই আগৰে দৰেই আলয় হিংসাৰে পৰস্পৰ, লাঞ্ছনা, বঞ্চনা মাথোঁ নিজকে নিজৰ ! হিংসাৰে অনল মাথোঁ পৃথিবীৰ চৌদিশে লেহি লেহি জিতা মেলি জ্বলিছে কেৱল; কোন দিনা দাবাগ্নি উঠে যে জ্বলি খাণ্ডৱ-দাহৰ ঠিক নাই; ত্রাস-ভয়-দুশ্চিন্তা সদায় অবিশ্বাস পৰস্পৰে পৃথিবীৰ নেতাই নেতাই; অস্থিৰ সকলো দেশ বুকু তল্ নৱজাত স্বাধীনতা ভাৰতো বিহ্বল ! নিজকে বঞ্চনা মাথোঁ নিজকে লাঞ্ছনা চৌদিশে গঞ্জনা কেৱল ! গান্ধী :— এতিয়াও ঘূৰিছে কি একেদৰে (10)