পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গান্ধী :― কবি :— হৃদয়ৰ অকপট বিশ্বাস-প্ৰীতিৰ চিৰ সুশীতল কল্ কল্ অভয় আনন্দ-মন্ত্র নিজৰি নিজৰি বোৱা জীৱনৰ গভীৰ নিজৰা ! হোৱা নাই এতিয়াও বসুমতী শান্তি-প্ৰেম-মিলনেৰে অলপো শীতল ? যোৱা নাই এতিয়াও অমৰ আত্মাৰ মানুহৰ গা ৰ ধূলি বালিবোৰ ; হোৱা নাই এতিয়াও অলপো কি দূৰ হিংসা-দ্বেষ-লেশ ভাৰত ভূমিতো মোৰ ? হোৱা নাই অলপো সিন্দূৰ যোৱা নাই এতিয়াও তুমি ভবা ‘অমৰ আত্মাৰ’ মানুহৰ গাৰ ধুলি-বালিবোৰ ; (a)