পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মৰ্ত্যৰ কৰি

আৰু

স্বৰ্গৰ গান্ধী

গান্ধী:— পৃথিবীৰ কবি তুমি
 আহি স্বৰ্গলই
চৰালা সোণত সুৱগা আজি,
 আনিছা কি বাৰ্ত্তা বাৰু
 উঠিছে কি বাজি
হৃদয়ৰ তন্ত্ৰীত তোমাৰ
‘মৰ্ত্যৰ অমৃত ঢালিম স্বৰ্গক' বুলি?
 ঢালা কবি পিওঁ প্ৰাণ ভৰি;
 পিয়ক স্বৰ্গয়ো
ধাৰে বোৱা অমৃতৰ ধাৰ
 ধৰাৰ হিয়াৰ
হাঁহি অশ্ৰু
 মিলনৰ বিচ্ছেদৰ,
সুৰেৰে সুৰৰ পুৰী
 পূৰ্ণ কৰি
ধৰাৰ কবিয়ে আজি
 ঢালি যোৱাঁ অমৰাত