পৃষ্ঠা:তৰা ফুল.pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(জ্যোতি তৰ্পণ)

অ’ তোৰ হিয়ালি-জিয়ালি হিয়া
এটুপি তপত চকুলো পিয়া
আমাৰ তেজত উঠক বাজি
সপোনৰ মাত মৌপিয়া।

নিয়ৰৰ গান শুনি ৰুণুক-জনুক
নিমাতিৰ মাত ফুটে থানাক-থুনুক
চোতালৰ দূবৰিয়ে পোহৰলে’ মূৰ তোলে
সাতোৰঙী ৰামধেনুখনি দিয়া।

অ’ তোৰ কাৰেঙৰ বাটচ’ৰা
আকাশৰ তৰা আনি তাতে
সানি দিলি সোণ হালধীয়া
আজি নতুন বা লাগি
চকুত উঠিছে ভাহি
এচমকা ৰং সেউজীয়া॥•

- ১ -