পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তুলসী চৰিত্ৰ।

শ্ৰীকৃষ্ণয়ে নমঃ॥ শ্লোক॥

তুলসী দৰ্শনে পুণ্যং স্পৰ্শনে পাপ নাশনং।
ছায়ায় সৰ্ব তীৰ্থানি তুলসী ত্বাং নমো নমঃ॥

_____o_____
পদ।

প্ৰণামোহোঁ নাৰায়ণ দেৱী সৰস্বতী।
ভৱানী শঙ্কৰ নমো নমো পশুপতি।
পিতৃ মাতৃ গুৰুৰ চৰণে শিৰে ধৰি।
হৰিৰ চৰণ বন্দো ইন্দ্ৰ আদি কৰি॥
নমো ৰাম জয় গুৰু পৰমাত্মা এক।
জগত জীৱন সৰ্ব্ব গুণৰ প্ৰত্যেক॥
সেহি নাৰায়ণ জীৱ তাৰণৰ হেতু।
সংসাৰ সাগৰে ৰামনাম আদি সেতু॥
মুনি গণে জানে ৰাম নামৰ মহিমা।
ব্ৰহ্মা আদি কৰি তত্ত্ব নপাই আক সীমা॥