পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৩)

তুলসীৰ ভেটীৰ তৃন গুচায় যতেক।
তুলসী পালনে পূণ্য পাৱয় ততেক॥
যত তৃন ততকাল স্বৰ্গত থাকিবে।
তাৰ ফলে সেহি নৰ স্বৰ্গত ভুঞ্জিবে॥
এক ঘঁট পানী দিয়া তুলসীত সিঞ্চে।
ব্ৰহ্ম বধ পাপ খণ্ডি দেৱ লোকে বঞ্চে॥
দেৱতাৰ তুলসীক ৰাখে যিটো জনে।
তাৰ ফল কহিতে নপাৰে জনাৰ্দ্দনে॥
যিজনে তুলসী মুলে দীপক লগাই।
সকলো পূণ্যৰ ফল দীপ দানে পাই॥
বৰ দীপ লগাই তুলসীক সেৱা কৰে।
ভয় পাই পাপ গণে পলাই যাই দূৰে॥
পাপে বোলে এত দিনে কৰিলে বসতি।
এখনে থাকিবে কাৰ বাপৰ শকতি॥
প্ৰদীপ বঢ়াই যদি দিয়ে যিতোজন।
সি জন্মত মৰি যায় বিষ্ণুৰ ভুবন॥
পিতৃ লোক যদি থাকে অন্ধকাৰ ঘৰে।
তুলসীত দীপদানে তথা দৃষ্টি কৰে॥
তুলসীক পুজিলে পাই বহু কালে ফল।
তিলে তিলে সৰ্ব্ব পাপ গুচয় সকল॥