পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৯)


দুই নাৰী আগ কৰিব্ৰহ্মাক ভেটিলা।
দেখিয়া ব্ৰহ্মাৰ বৰ আনন্দ মিলিলা।
প্ৰণাম কৰিয়া গঙ্গা ব্ৰহ্মাৰ চৰণে।
আপোনাৰ যত কথা কহিলা তেখনে॥
সৃষ্টিৰ ঈশ্বৰ তুমি দেৱ প্ৰজাপতি।
শিৱৰ মাথাত কেন তুলসীৰ গতি॥
পৰ্বত নন্দিনী দেবী শিৱৰ সুন্দৰী।
মোত বৰ হোন্তে নাহি পায় হৰগৌৰী॥
তুলসী আসিয়া কেন মতে জনমিলা
তাহাৰ আমাৰ মহা বিৰোধ মিলিল॥
এতেক কাৰুণ্য বাণী নিশ্চয় বুলিলা।
গঙ্গাৰ বচনে ব্ৰহ্মা হৰিষে কহিলা॥
ত্ৰিদশ দেৱতা সবে শুনে এক চিতে।
তুলসীৰ জন্ম কথা লাগিলা কহিতে ॥
এহি কথা এক মনে শুনে যিবা জনে।
তাৰ পাপ নষ্ট হোৱে ভগিৰথে ভণে ॥