পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৬)

পৃথিবীৰ লোকে পূজিবেক সালগ্ৰাম।
সি কাৰণে তোমাৰ তুলসী দেবী নাম॥
তুমি বিনে দেৱ পূজা নহৈবেক আনে।
এহি বৰ দিল পাছে দেৱ নাৰায়ণে॥
বৰ পাই বৃন্দা সতী আনন্দিত মন।
কৰ যোড়ে স্তুতি নতি বুলিলা বচন॥
পৃথিবীৰ লোকে মোক কৰিবেক হেলা।
কি কাৰণে প্ৰভু মোক হেন শাপ দিলা॥
তযু আজ্ঞা ভাঙ্গিকে নকৰি পুজন।
বৃক্ষ ৰূপ দেখো যেন নিস্ফল জীৱন॥
নাহি সুখ ভোগ মোৰ জন্ম বিপৰীত।
ইতো শাপ গোঁসাঞি মোক দিয়া অনুচিত॥
বিষ্ণু বোলে তোৰ পত্ৰে শুচি হৈবে সবে।
তোৰ পত্ৰ পাইলে দেৱ তুষ্ট হইবে॥
তুলসীৰ যজ্ঞ যিতো কৰয় উচ্ছন্ন।
ব্ৰহ্ম বধি পাতকত মজয় সিজন॥
তুষ্ট বাক্য যেবে দেৱ গোবিন্দ বুলিলা।
নিশ্চয় জানিয়া সতী অন্তৰীক্ষে গেলা॥
শৰীৰ ত্যাজিয়া বৃন্দা সতী ভৈলা পাত।
প্ৰথমতে জন্মিলন্ত শিৱৰ মাথাত॥