পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(১৫)

শঙ্খাসুৰ পৰিল দেৱতা হৰষিত।
বিদ্যাধৰী নাচয় গন্ধৰ্ব্বে গাৱে গীত॥
জয় কৃষ্ণ কৃষ্ণ বুলি ঘোষে দেৱগণে।
এহি হেতু শঙ্খ বধ ভগিৰথে ভনে॥

________
পদ।


শঙ্খাসুৰ বধে কান্দে বৃন্দা মহাসতী।
বিষ্ণুৰ পাৱত পৰি কৰে স্তুতি নতি॥
সম্ফল ভৈলেক মোৰ এৰূপ যৌবন।
আপুনি কৰিলা দয়া দেৱ নাৰায়ণ॥
হেনয় বিধাতা তুমি অগতিৰ গতি।
কত পূণ্যে পাইলো মই বিষ্ণু হেন পতি॥
লক্ষ্মীৰ সমান ভৈল কৰ্ম্মৰ যে ফলে।
বিষ্ণুৰ ঘৰিনী বুলি কহিব সকলে॥
হাঁঁসিয়া বুলিলা বিষ্ণু বৃন্দা বিদ্যমানে।
পৃথিৱীক যাও তুমি মোহোৰ বচনে॥
শিৰে যেন গঙ্গা ধৰি আছে মহেশ্বৰ।
তুমি সেহি মতে থাকা মাথাৰ উপৰ॥