পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(১৪)

তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ।
দেৱৰ ঈশ্বৰ তুমি কৰুণা সাগৰ॥
জল স্থল আকাশ ব্যাপক তুমি হৰি।
চৰাচৰ স্ৰজি সকলোকে আছা ধৰি॥
মোৰ মুখে কত কৈবো তোমাৰ মহিমা।
ত্ৰিভূবনে কোন জনে কৰিবেক সীমা॥
অনেক কৰিলা স্তুতি পৰিয়া চৰণে।
তুষ্ট হুৱা বোলে তাক দেৱ নাৰায়ণে॥
ত্ৰিভুবনে শঙ্খ তই দেৱতাৰ বৈৰী।
দেৱ কাৰ্য্য সাধিবোহোঁ তোক ময় মাৰি॥
তোৰ বাক্য শুনি মোৰ তুষ্ট ভৈলা মন।
ভাল স্থানে জন্ম তোৰ হোক নাৰায়ণ॥
তোৰ জন্ম কথা মই কহোঁ শুনা তত্ত্ব।
শঙ্খ হুৱা জন্ম গৈয়া ধৰ সাগৰত॥
কোন দেৱ তুষ্ট নহৈবেক শঙ্খ জ্বলে।
তাৰ ধ্বনি শুনি তুষ্ট হুৰে মহীপালে॥
শঙ্খ জলে পবিত্ৰ কৰিব কলেৱৰ।
তোৰ পত্ৰে তুষ্ট হুৱে দেৱতা ঈশ্বৰ॥
এতেক বোলন্তে ভৈল শঙ্খৰ পতন।
জম্মিলন্ত গৈয়া সাগৰত তাৱক্ষণ॥