পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 দেৱতা এতিয়া তুমি,
কৰাঁ, দেৱ! আশীৰ্ব্বাদ
তযু আশীৰ্ব্বাদ—বলে
“মহা পৰীক্ষাত”
হওঁহে উত্তীৰ্ণ যেন
অনায়াসে বিনাক্লেশে,
তযু চৰণত, দেৱ!
কৰো প্ৰণিপাত॥
  
 জীৱনৰ বাকী খিনি
মাতৃ-ভাষা সেৱা কৰি।
এটি দুটি কৰি ফুল
মাতৃৰ পাৱত
দিওঁতে দিওঁতে যেন
"মা সৰ্বমঙ্গলা!" বুলি।
সৰু মইনাই লভে
শান্তি অন্তিমত॥
  ইতি। ১লা আাহিন ১৯১৩।

⸻⸺
ভদৰি বৰবৰুৱা আলি।
যোৰহাট
“সৰুমইনা’’