পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/২০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অসমীয়া সাহিত্যৰ চৰাত এখন মাণী আসন পাব বুলি আমি আশা কৰোঁ।
      উষা—৫ ম ভাগ—৪ৰ্থ সংখ্যা

 ৬। যােৰহাট বাৰৰ উকিল, “মেঘনাদ বধ” নাটক লিখোঁতা শ্ৰীযুত চন্দ্ৰধৰ বৰুৱাই (লেটেকুজান বাগিছাৰ পৰা) লিখিছে:—
 * * * * পঢ়ি বৰ সন্তোষ পালো। লেখা সবল আৰু মধুৰ হৈছে। আজি কালি এনে বিধৰ বহুত কিতাপত ভাষা সম্পৰ্কীয় যিবিলাক দোষ দেখাযায়, তেনে দোষ ইয়াত অতি কম। মুঠতে এই শ্ৰেণীৰ অধিকাংশ লেখাতকৈ আপোনাৰ লেখা পঢ়ি ভাল লাগিল। * * * আপোনাৰ লেখা সৰল আৰু ভাব অতি মিহি লাগে। কিতাপ খনি পঢ়ি মই ভাল পাও। “তলসৰা ফুলৰ” আৰু যি দুটি এটি আপােনাৰ হাতত আছে। যেন তাৰো গােন্ধৰ পৰা আমাক সৰহ দিন বঞ্চিত কৰি নথয়। দুখৰ বিষয় এই বিলাক কিতাপ কিন্তু বৰ্ত্তমান আমাৰ দেশত কিনােতা নাই। সেই বাবে আপুনি নিৰুৎসাহ নহ'ব। এনে বিধৰ কিতাপ লিখোঁতাই দেশৰ উপকাৰৰ বাবেহে কিতাপ লিখিবলৈ আগ বাঢ়ে”।

 ৭। কলিকতাৰ পৰা প্ৰকাশ হোৱা, স্বনাম প্ৰসিদ্ধ শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱা ডাঙ্গৰীয়াৰ “বাঁহীয়ে লিখিছে:— “তলসৰা