পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/২০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

We wish the author all surccess.”
 (TIMES OF ASSAM - 20th March 1913.)

 ৫। আসামৰ উজ্জ্বলৰত্ন আসাম লেজিচ্ লেটিভ্ কাউঞ্চিলৰ একমাত্ৰ আহোমৰ মেম্বৰ, সাহিত্য পেঞ্চন ভোগী খ্যাতনামা লেখক, অনাৰেবল্ শ্ৰীযুত পদ্মনাথ বৰুৱাই তেখেতৰ দ্বাৰা সম্পাদিত “উষাত লিখিছে:—
 “তলসৰা ফুলৰ দুটি”। নতুন ধৰণৰ অসমীয়া কাব্য। সেই দুটি ফুলৰ এটি “কমতাপুৰৰ ধ্বংস” আৰু ইটি “বিৰহিনীৰ বিলাপ”। শ্ৰীযুত হিতেশ্বৰ বব বৰুৱা ফুল দুপাহৰ ৰচোঁতা। এওঁৰে সৈতে আমাৰ এয়ে প্ৰথম সাক্ষাৎ। ইয়াৰ আগেয়ে এওঁ অসমীয়া সাহিত্য ক্ষেত্ৰ লৈ ওলোৱা আমি দেখা নাই। কিন্তু প্ৰথম সাক্ষাততে আমি এওঁক নিচেই অপঁইতা নাপালো; ৰচকে অবশ্যে জুহালত গঢ়িহে কমাৰ সাললৈ ওলাইছে।

 সি যি হওক, নিচেই ঘৰুৱা কথাৰেও যে অমিত্ৰাক্ষৰ ছন্দৰ টান ভাব অসমীয়াত ফুটাব পাৰি, প্ৰথম পাহে তাৰে প্ৰমান দিছে। আৰু অন্তৰৰ আবেগ ফুলাবলৈ যে অসমীয়া ঘৰুৱা কথা বৰ শুৱলা, ইপাহীত তাৰ চিনাকি পোৱা গৈছে। ফুল দুপাহী হাতত লৈ চাবলৈ আমি ৰাইজক অনুৰোধ কৰোঁ। বৰবৰুৱাদেৱে