তেনেহলে তেওঁ আৰু ৰজা হ’ব নোৱাৰে। সেই কাৰণে ল'ৰা ৰজাই গুপ্তচৰ ধৰি, তলে তলে বহুত ৰজাৰ কোঁৱৰৰ অঙ্গক্ষত কৰোৱালে। ল'ৰা ৰজাৰ এই নিদাৰুণ কাৰ্য্যত অনেক ৰজাৰ কোঁৱৰে অকালত প্ৰাণ পৰ্য্যন্ত হেৰুৱালে। (৪)
গদাপাণি বৰ বাহুবলী আাছিল। সকলোতকৈ ল’ৰা ৰজাৰ গদাপাণিলৈ বেচি ভয়। গদাপাণিক ধৰাবলৈ মিহি আৰু লঠা নামে দুটা কুকুৰাচোৱা চাউডাঙ্গৰ লগত ল'ৰা ৰজাই কেনেকুৱা ষড়যন্ত্ৰ কৰিছিল, কেনেকৈ পতিপ্ৰাণা জয়মতী কুঁৱৰীক ধৰাই আনি নানান তৰহৰ অমানুষিক অত্যাচাৰ কৰাই মাৰিলে, সেই বিলাক এই কাব্য খনিত যথাসাধ্য বৰ্ণনা কৰিবলৈ চেষ্টা পোৱা হৈছে, সেই কাৰণে এই খিনিত সেই বিলাক আৰু পুনৰুক্তি কৰা ন’হল। জয়মতী কুঁৱৰীক ল’ৰাৰজাই শাস্তি কৰি মৰাৰ পাছতো, গদাপাণি আকৌ বহুতদিন নগাপৰ্ব্বতত পলাই থাকেগৈ। নগাৰ লগত মাজে মাজে পাণ কছু, আদা, জ্বলকিয়া ইত্যাদি লৈ ভৈয়ামত বেহা
(৪) In other to prevent further conspiracies, by removing all possible rivels, lara Rajah determined to main or kill all the descendants of former Kings, and it is said that several hundred scions of the royal family were deprived of life or mutilated.
⸻⸺Gait's “History of Assam” page 158.