পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰূদ্ৰসিংহ নামলই পাটত উঠিলে লাই,
সতী আইতাৰ স্মৃতি যুগমীয়া কৰি
থনালে পুখুৰি এটি যি ঠাইতে মৰে সতী।
নাম দিলে তাৰ মাতৃ-নাম অনুসৰি॥
আজিও “জয়সাগৰে” ঘোষে কীৰ্ত্তি সতীত্বৰ
“তিৰুতাৰ আত্মদান” আজিও যে কয়;
কিবা দেশী কি বিদেশী সকলোকে “জয়দ’লে”
ৰাণীৰ কীৰ্ত্তৰ আজি দিয়ে পৰিচয়॥


কোনে কয়, কৰি তপ তাহানি কালত,
(সত্য ত্ৰেতা দ্বাপৰত) তুষি দেৱতাক,
বৰ লই হইছিলে মানৱ অমৰ
ই মৰ্ত্ত্যত? যদিওবা সছা, হে পাঠক!
কলিযুগ নাই বৰ—দেৱ আশীৰ্ব্বাদ
“কীৰ্ত্তি যস্য স জীবতি” মাথোঁ জগতত॥
বহুকাল হ’ল আজি, এৰিছে কুঁৱৰী