পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পাতনি।

কমতাপুৰ ধ্বংস কাব্য (page 3 crop)

 আসামৰ আদৰ্শ সতী আহোম কুলৰ গৌৰৱ স্বৰূপা জয়মতী কুঁৱৰীয়ে যেনেকুৱা অমানুষিক ভীষণ অত্যাচাৰ সহ্য কৰিও, অসামান্য পতিপৰায়নতাৰ পৰিচয় দি গৈছে, সেইটো ভাবি চালে একেবাৰে বিস্ময়াপন্ন হ'ব লাগে। স্বামীৰ মঙ্গলৰ অৰ্থে তিৰুতাৰ আত্মদান জয়মতী কুঁৱৰীৰ চৰিত্ৰত সম্পূৰ্ণ ৰূপে বিকাশ পাইছে। মুঠতে কবলৈ গ'লে, সতী চিৰস্থানীয়া জয়মতী কুঁৱৰী মঙ্গলময় পৰমেশ্বৰৰ এক অপূৰ্ব্ব সৃষ্টি॥

 এই সতীৰ পবিত্ৰ কাহিনী সৰুতে পঢ়়াকালত সাধু কথাৰ দৰে আমাৰ স্বৰ্গীয়া আইদেউতাৰ মুখৰ পৰা অনেকবাৰ শুনিছিলো; ডাঙ্গৰ হৈ ইং ১৯০২ সনত শিৱসাগৰৰ ফালে এবাৰ ফুৰিবলৈ যাওঁতে জয়মতী কুঁৱৰীৰ যশস্তম্ভ স্বৰূপ “জয়সাগৰ’’ পুখুৰি আৰু “জয়দৌল’’ দেখা পাই, মনত এক অনীৰ্ব্বচনীয় ভাবৰ উদয় হোৱাত জয়মতী কুঁৱৰীৰ আত্মদানৰ কাহিনী লৈ, আমাৰ এখনি কাব্য লিখিবলৈ ইচ্ছা হয়। সেয়েই এই কাব্য খনিৰ প্ৰথম সূচনা। কাব্য লিখা কিন্তু মুখৰ কথা নহয়। আমাৰ নিচিনা মানুহে বৰ্তমান যুগৰ অসমীয়া ভাষাত কাব্য লিখি কৃতকাৰ্য্য হোৱাটো দূৰাশা যেন ভাবি, কেইবাবাৰো পুথিখনি লিখিবলৈ হাতত লৈ