পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ল’ৰাৰজা—“ভালৰে নিমিত্তে তোৰ কইছো আকউ মই,
 “কইদে লুকাই তোৰ স্বামী আছে ক’ত?
 “ন'হলে নিশ্চয় মই দিম জেৰেঙ্গাত,
 “অকালত যাব প্ৰাণ॥”
জয়মতী————————— “য'ক অকালত
 “প্ৰাণ মোৰ; পৰাণৰ দেখাইছা ভয়, ৰজা!
 “মইতো নহও ভীত, নালাগে পৰাণ।
 “জন্মিছো যেতিয়া মই মৰিম এবাৰ,
 “অনিত্য পৰাণ মোৰ নাই তাত কাম॥”
ল’ৰাৰজা—“চাঁওঘোকে শাস্তি কৰি কাঢ়িব দুচকু তোৰ,
 “কাঢ়িব আঠুৰ ঘিলা!”
জয়মতী————————— কিয়, ৰজা! ভয়
 “দেখুৱা মিছাতে তুমি! প্ৰিয়সা গদাৰ
 “তেনুৱা শাস্তিৰ ভয় নকৰে নিশ্চয়॥
 “চকু কাঢ়া, ঘিলা কাঢ়া দিয়া মোক জেৰেঙ্গাত
 “যি যি শান্তি আছে মানে দিয়ে থাকা মোক।