পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


হেৰালে নাপায় আৰু ঘূৰি জীৱনত;
তেনুৱা ধনক নেকি দিবহি চোৰক
থাকোতে পৰাণ-বায়ু দেহাৰ মাজত?
প্ৰাণ যাব কুঁৱৰীৰ, তথাপিটো তেওঁ
আদৰৰ হেমহাৰ নিদিয়ে চোৰক,
পৰাণ থাকোতে ৰাণী কেতিয়াও তেওঁ
নিদিয়ে আপোন ধন হৰিব আনক॥

খঙ্গমনে ল’ৰাৰজা কয় ঘনে ঘনে

“আপোনাৰ ভাল যদি আশা কৰ তই,
“প্ৰাণত যদিহে মায়া আছে অন্তৰত
“কইদে সোৱামী তোৰ আছে ক’ত গই?
“নকবি যদিহে আজি, গদা কেনি গ’ল,
“আদৰৰ প্ৰাণ তোৰ নাথাকে দেহত,
“পাছত গদাকো ধৰি পৰাণ মাৰিম,
“নোৱাৰে পলাই সিটো সাৰিব বনত॥
“গোটেই দেশৰ বন কৰি পিটা পিট