বাসবৰ কথা যদি শুনা এক মনে।
পৰম অধৰ্ম্মী বুলি ঘৃণা হইবে মনে॥
তাৰ অত্যাচাৰে ৰাজঋষি কোন জন।
তপস্যা কৰিবে নপাৰয় কদাচন॥
সতী পতিব্ৰতা নাৰী যৈতে দেখা পাই।
টানি ঘুষি মাৰে কৰি অনেক বিলাই॥
তপ জপ যজ্ঞ আচৰিলে কোন জন।
পাৰে মানে বিঘ্ন তাত কৰে আচৰণ॥
পৰৰ দেখিলে ভাগ্য দুঃখ পাই মনে।
হেনয় জনক জ্ঞানী বোলা, কি কাৰণে।
আছে যত অপেস্বৰা স্বৰ্গ বেশ্যাগণ।
সৰ্ব্ব কালে বেঢ়ি থাকে ৰাজসিংহাসন॥
গাৱে গীত নাচে কৰি নানা লয় লাস।
ৰাজাসমে সদাই কৰন্ত পৰিহাস॥
গুৰু বৃদ্ধ পাত্ৰ মন্ত্ৰিগণৰ আগত।
মজিয়া থাকয় ৰাজা বেশ্যাৰ ৰঙ্গত॥
ঘোৰ মত্ত বাতুলত বিনে কোন জন।
কলিয়া থাকয় হেন হীন আচৰণ॥
দেবতাৰ ৰাজ সিংহাসনে বসিবাৰ।
কদাচিতো যোগ্য নহে হেন দুৰাচাৰ॥
বেশ্যাৰ সঙ্গত যাৰ মনে কৌতূহল।
দেবৰাজ নহে সিতো নিশ্চয় পাগল॥
যি বেলাত পিতৃয়ে আছিলা তপ কৰি।
মাতৃক ঘোষাইলা ইন্দ্ৰে সৰ্প ৰূপ ধৰি॥
টানন্তে ভৈলেক সৰ্ব্ব শৰাৰত ঘাৱ।
কান্দিলেক মাৱে কতো কৰি আৰ্ত্তৰাৱ॥
তথাপিতো ইহাৰ মনত ক্ষমা নাই।
অধোমুখে জলত থৈলেক জবৰাই॥
পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৬৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
তাৰকাসুৰৰ যুদ্ধ।