কতো উঠে কতো বুড়ে কতো পানী খাই।
মিলিলা প্ৰলয় দৈত্য সাথুৰি মৰয়॥
তাৰকা নৃপতি যেহি থানত আছিলা।
বৰুণৰ মায়া জল তথাক নগৈলা॥
পাত্ৰ মন্ত্ৰী সমে বসি আছে দৈত্যেশ্বৰ।
জলত বুড়িয়া সেনা মৰয বিস্তৰ॥
সবাক সম্বোধি ৰাজা বুলিলন্ত বাক।
কোন বীৰে পাৰা ইতো জল শুখাইবাক॥
শেষাসুৰে মাতয় ৰাজাৰ মুখ চাই।
ইতো মায়া জলক নাশিবুঁ ৰাজা মই॥
যেন কোটি আদিত্যৰ প্ৰচণ্ড তেজত।
শুখাই সকলে জল প্ৰলয় কালত॥
বৰুণৰ মায়াক সিমতে শেষাসুৰ।
কোটি সুৰ্য্য সম তেজে কৰিলেক দূৰ॥
মথিবে লাগিলা ঘোৰ প্ৰতাপে দেবক।
দহয় অগনি যেন শুখান বনক॥
ভয়ে লাজে জলপতি ভৈলেক বিকল।
গজ্জিবে লাগিলা শেষাসুৰ মহাবল॥
মোছাৰিয়া ঘাড় তোৰ ছিঙ্গিবুঁ অজ্ঞান।
মোহৰ হাতত তোৰ যাব আজি প্ৰাণ॥
বৰুণৰ মুণ্ডক চোবায়া খাওঁ বুলি।
প্ৰচণ্ড প্ৰতাপে যাই খেদি মহা বলী॥
দেখি আগ বাঢ়ি বাট ভেটিল আদিত্যে।
প্ৰলয়ৰ বহ্নি যেন ভুবন দহিতে॥
মহা ক্ৰোধে কৰে যুদ্ধ সহস্ৰকিৰণ।
তাপত মৰয় পুড়ি যত দৈত্যগণ॥
জয় জয় ঘোষে দেবে বীৰ মদে মাতি।
উৎসাহে জাগিলা তেজ আঠ গুণে আতি॥
পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৫২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
তাৰকাসুৰৰ যুদ্ধ।