পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
তাৰকাসুৰৰ যুদ্ধ।

যাৰ বলে বলীয়াৰ চেতনে চৈতন্য।
তাহাৰ মায়ায়ে শত্ৰু মিত্ৰ অন্যেঅন্য॥
তাহাৰ কটাক্ষ বিনা কোন জনে কাক।
ব্ৰহ্মাণ্ডৰ মাঝে পাৰে দণ্ডক দিবাক॥
যদি তুমি দোষক ক্ষমিবে কৰা টান।
জনোৱা দুঃখক ঈশ্বৰৰ শ্ৰীচৰণ॥
শিৰক আৰাধি তপ কৰা গৈয়া যাই।
তান কৃপা ভৈলে সবে হৈবাক পাৰয়॥
পুত্ৰ এক বৰ লোৱা শিবক আৰাধি।
প্ৰিয় ভাৰ্য্যা দেখি তোক দিলোঁ‌ হেন বুদ্ধি॥
সেহি পুত্ৰে তোমাৰ সাধিবে প্ৰতিকাৰ।
পাছে সুমৰিবা কিন্তু বচন আমাৰ॥
হেন শুনি বৰাঙ্গীয়ে তপস্যাক গৈলা।
দেবৰ বৎসৰে বাঢ় বৎসৰ চিন্তিলা॥
মহা ঘোৰ তপ চিন্তে হুয়ে এক মন।
তুষ্ট হুয়া শঙ্কৰ ভৈলেক উপসন॥
শঙ্কৰে বোলন্ত এবে শুনা বড় নাৰী।
কিবা বৰ লাগে তোক কহা নিষ্ট কৰি॥
বৰাঙ্গী বোলন্ত যদি দিয়া মোক বৰ।
সপ্ত স্বৰ্গ অধিপতি পুত্ৰ হৌক মোৰ॥
অস্ত্ৰে শস্ত্ৰে বিষ্ণুৰ চক্ৰত নাহি নাশ।
পৰাজিব দেবাসুৰ গন্ধৰ্ব্ব ৰাক্ষস॥
নৰ মুনি পশু পক্ষী জীয়া জন্তু যত।
নমৰিব কাৰো হাতে তিনি ভুবনত॥
শঙ্কৰে বোলন্ত তোক দিলোঁ‌ এহি বৰ।
সপ্ত স্বৰ্গ অধিপতি পুল হৈবে তোৰ॥
তিনিয়ো লোকত তাৰ মৃত্যু নাহিকয়।
ত্ৰৈলোক্যৰ লোকক কৰিবে পৰাজয়॥