সংসাৰত তাৰ যেন ৰহিলা কুখ্যাতি।
আমি সবে কিয়ো হেন ৰাখিবুঁ অখ্যাতি॥
যদি তুমি ই সব ক্ষমিবে পাৰা মনে।
বাসবত অধিক হৈবাহা মানে জ্ঞানে॥
জগতৰ পূজ্য মহামানী সুৰপতি।
তাহাত অধিক তুমি পাইবাহা সুখ্যাতি॥
ইহাত অধিক তুমি কোন লাভ চাহা।
হৃদয়ৰ ধন মোৰ মোত এবে কহা॥
হেন জানি প্ৰাণেশ্বৰী ক্ষমা কৰা মনে।
হিংসাৰ সমান পাপ নাহি ত্ৰিভুবনে॥
বৰাঙ্গী বোলন্ত প্ৰভো দেবতাৰ পতি।
জগতক জুড়ি মোৰ ৰাখিলা কুখ্যাতি॥
দিলেক বিবিধ লজ্জা দেহে মহা দুঃখ।
সি সব সুমৰি মোৰ মনে নাহি সুখ॥
তাৰ প্ৰতিকাৰ যদি নকৰিবুঁ মই।
সবাকে কৰিবো হেন কৰ্ম দেবৰাই॥
দুষ্টক নজণ্ডি যদি এড়ি দিয়া ঘাই।
পুনঃ তাৰ দুষ্টামি অধিকে বাঢ়ি যাই॥
তোমাতে সে ৰাসবৰ ভয় আৰু ৰোষ।
ঘৰৰ বহাৰী ময় মোত কিবা দোষ॥
আৰু দেখা আমাসাত নাহি কোন মল।
আৰাধিলোঁ মুক্তিক ৰাজ্যৰ ছাড়ি ৰল॥
অকাৰণে বাসবে দিলেক হেন তাপ।
দোষীক দণ্ডিলে কিঞ্চিতেক নাহি পাপ॥
হেন জানি প্ৰাণনাথ উপায়ক কৰা।
ইন্দ্ৰক দণ্ডিয়া মোৰ প্ৰাণ শান্ত কৰা॥
বজ্ৰাঙ্গে বোলন্ত তোৰ দয়া ক্ষমা নাই।
কোনো জীবে কাহাকো দণ্ডিবে নপাৰয়॥
পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৩১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
তাৰকাসুৰৰ যুদ্ধ।