তথাপিতো ইন্দ্ৰে মোক সাপটিবা ধৰি।
পৰ্ব্বতৰ শিলে জুঙ্গে নিলন্ত আঝুৰি॥
একে তিৰী জাতি মোৰ সুকোমল গাৱ।
শিলে জুঙ্গে লাগি শৰীৰত ভৈলা ঘাৱ॥
ধাৰাসাৰে মোৰ শৰীৰত তেজ বহে।
এতমান দুঃখক তোমাৰ গাৱে সহে॥
ভয়ত বিস্মৃতি ভৈলোঁ কণ্ঠে ধাতু নাই।
শৰীৰৰ বিষে মোৰ এভো প্ৰাণ যাই॥
আৰ্ত্তৰাৱে বাৰে বাৰে ডাকিলোঁ তোমাক।
সহিবে নপাৰি দুঃখ ত্ৰাণ লভিবাক॥
আসিলা অচিনা বেশে দেবতাৰ ৰাই।
চিনি পাই কৰিলো অনেক তুতি মই॥
টানন্তে টানন্তে ভৈলোঁ বিবস্ত্ৰা শৰীৰ।
মৰুঁ লাজে প্ৰাণ কিযো নহোন্ত বাহিৰ॥
ভুঞ্জিলোঁ ই সব দুঃখ হুয়া ৰাজৰাণী।
ভাৰ্য্যাৰ এতেক দুঃখ সহে কোন প্ৰাণী॥
তেল মুণ্ডে বুড়াইলা জলত নিয়া মোক।
তবু প্ৰাণ নগৈলা এহি সে মনে শোক॥
বজ্ৰাঙ্গে বোলন্ত শুনিয়োক প্ৰাণেশ্বৰী।
দুঃখ কষ্ট সবে নষ্ট ভৈলা আজি ধৰি।
দুঃখ সহি পুণ্য পাবে বুলি লোকে কয়।
ভাবি গুণি দেখা তুমি হয় কি নহয়॥
ধৰ্ম্ম উপাৰ্জ্জনে দুঃখ অনেক হোৱয়।
মহন্ত সকলে তাক দুঃখ নবোলয়॥
ধৰ্ম্মৰ সদাযে জয় না প্ৰাণেশ্বৰী।
অধৰ্ম্মৰ পৰাজয় জানিবা সুন্দৰী॥
তাহাৰ প্ৰমাণ তুমি আগত দেখিলা
অধৰ্ম্ম আচৰি ইন্দ্ৰে নিজে লাজ পাইলা॥
পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/২৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২
তাৰকাসুৰৰ যুদ্ধ।