হা হা বিধি কতো তুমি দুঃখ দিয়া মোক।
দুঃখৰ উপৰে দুঃখ দিয়াছা দেবক॥
মোৰ মনে বজ্ৰাঙ্গ ভৈলেক কাল সাপ।
কোন বুদ্ধি কৰিয়া ইহাৰ ভাঙ্গু তপ॥
আসি আছে ঐশ্বৰ্য্য ভোগক কৰি ত্যাগ।
শৰীৰৰ সুখত নাহিকে অনুৰাগ॥
ফিৰিলা সুন্দৰীগণ হুয়া মহা লাজ।
বিচাৰি নপাওঁ এবে কৰোঁ কোন কায॥
কেবল ভাৰ্যাক জানি অধিক প্ৰাণত।
প্ৰাণৰ সঙ্গিনী কৰি আনিছে লগত॥
বৰাঙ্গীক উপলক্ষে বিঘিনি আচাৰোঁ।
অবশ্য তাহাৰ তপ ভাঙ্গিবাক পাৰোঁ॥
কতো ক্ষণে গুণি বোলো এক বুদ্ধি কৰোঁ।
মায়া বলে আজি এক নাগৰূপ ধৰোঁ॥
তপ কৰি তান ভাৰ্য্যা আছে যি থানত।
তাক যাই নাগৰূপে ধৰিবুঁ গাৱত॥
সকল শৰীৰে তাক ধৰিবুঁ মেঢ়াই।
পৰ্বতে অৰণ্যে টানোঁ ঘোষাই ঘোষাই॥
ভাৰ্য্যাৰ স্নেহত তাৰ তপ হৈব ছন্ন।
এহি বুলি লড়ি গৈলা সহস্ৰলোচন॥
মুহূৰ্ত্তে বাসবে নাগৰূপক ধৰিলা।
ভয়ানক দেহ ৰূপ বিকট কৰিলা॥
বৰাঙ্গী আছন্ত যথা স্বামীক ধিয়াই।
সৰ্পৰূপে বাসবে পাইলেক সিতো খাই॥
দুই পাৱে বৰাঙ্গীৰ মেঢ়াই ধৰিলা।
আঝুৰি আঝুৰি বলে টানিবে লাগিলা॥
হিলদল পৰ্ব্বত উপৰে লৈয়া যাই।
মৰিলোঁ মৰিলোঁ বুলি বৰাঙ্গী চেঞ্চাই॥
পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/২৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
তাৰকাসুৰ যুদ্ধ।