কেহু কেহু জনী ফুৰে উৰু দৰশাই।
তথাপিতো বজ্ৰাঙ্গৰ ভুৰূ ভঙ্গ নাই॥
কতো জনী চৰণত ধৰিয়া বোলয়।
আলিঙ্গন কৰা প্ৰাণ মদনে দহয়॥
কতো জনী বিবস্ত্ৰে তাহাৰ আগে ৰৈয়া।
হাসি হাসি সেবা কৰি বোলে স্বামী হোৱা॥
কাৰুণ্য কৰিয়া বোলে বজ্ৰাঙ্গৰ আগে।
আশা ভঙ্গ কৰা যদি নাৰী বধ লাগে॥
প্ৰাণ ৰক্ষা কৰা মোক কৰি আলিঙ্গন।
তযু ৰূপ দেখি জ্বলে হৃদয়ে মদন॥
কেহু কেহু জনী বজ্ৰাঙ্গৰ গলে ধৰি।
হৃদয়ত স্তনক ঘুষয় দৃঢ় কৰি॥
অনেক প্ৰকাৰে কন্যাগণে কৰে ৰঙ্গ।
তথাপিতো বজ্ৰাঙ্গৰ নহে তপোভঙ্গ॥
শঙ্কৰক এক মনে আছে ধ্যান কৰি।
লজ্জা হুয়া ফিৰিলা যতেক অপেস্বৰী॥
ইন্দ্ৰৰ আগত গৈয়া অপেস্বৰাগণে।
বাসবক বুজাইলেক ধৰ্ম্মৰ লক্ষণে॥
ধৰ্ম্মবন্ত জনক অধম্মিগণে ছলে।
অগনিক বান্ধে যেন বস্ত্ৰৰ অঞ্চলে॥
মহন্তক হিংসা কৰি আপনাৰ নাশ।
লোকৰ অন্যায় চিন্তি হোৱে সৰ্বনাশ॥
বজ্ৰাঙ্গৰ আগে আমি কৈলোঁ বহু পাপ।
নজানুহু দৈব বিধি দেই কোন তাপ॥
এহি মতে কন্যাগণে দিলা বহু হাক।
তথাপিতো সুৰপতি নমানিলা তাক॥
অনন্তৰে ৰাসৰে জানুত দিয়া মাপ।
চিন্তা কৰি কৰি বোলে ৰাখা জগন্নাথ॥
পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/২৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
তাৰকাসুৰ যুদ্ধ